Posts

বৃন্দাবনৰ দেশত

১৯ অৱশেষত, পৰীক্ষা শেষ হ'ল আজি। ' আজি পৰীক্ষা শেষ ' এই বাক্য শাৰীয়ে শিক্ষাৰ্থী সকলৰ জীৱনত কি গুৰুত্ব ৰাখে, সেই কথা এজন শিক্ষাৰ্থীত কৈ বেছি কোনেও নাজানে। কিমান ৰাতিৰ নিদ্ৰাহিনতা, কিমান পৰিশ্ৰম ' আজি পৰীক্ষা শেষ ' এই বাক্য শাৰীয়ে ধুই শান্তি প্ৰদান কৰিব পাৰে। "অৱশেষত, শেষ আৰু আজি" বিপাশাই পৰীক্ষা হলৰ পৰা ওলাই আহি বৃন্দাবনৰ কৃষ্ণচূ়ড়া জোপাৰ তলত ৰৈ থকা ৰাগিনীৰ ওচৰলৈ আহি পালেহি। "হয় দেই, আজিহে শান্তি আৰু" ৰাগিনীয়েও একেটা সুৰতে ক'লে। লাহে লাহে মানসী, নীনা, প্ৰিয়া, কৰিশ্মা আৰু ৰূপাও আহি সেইখিনিত জমা হ'লহি। সকলোৰে মুখত এক শান্তিৰ ৰূপ আভা বিয়পি আছে। বেলেগকৈ উল্লেখ নকৰিলেও বুজি পোৱা যায় সেইটো পৰীক্ষা শেষ হোৱাৰ পিছৰ শান্তি। পৰীক্ষা ভাল হওঁক বা বেয়া হওঁক, পৰীক্ষা শেষ হোৱাটোৱেই সকলোতকৈ ডাঙৰ কথা।  "প্ৰবীণ ক'ত অ, তাক দেখাই নোপোৱা হ'লো যে আজিকালি" বিপাশায়ে কথাৰ মাজতে সুধিলে। "হয় অ, মাজে মাজে ধুমুহাৰ দৰে আহে, আকৌ হঠাৎ নাইকীয়া হৈ যায়" মানসীয়ে ক'লে। "তাক পাইছিলো অথনি অফিচ ৰূমৰ সন্মুখত। পৰীক্ষা বেয়া হৈছে বুলি মুখ ...

বৃন্দাবনৰ দেশত

১৮ সময়ৰ নিৰৱিচ্ছিন্ন গতি, কোনেও বাধা দিব নোৱাৰে ইয়াৰ গতিক। সময় গৈ থাকে, নদীৰ সোতৰ দৰে।  নগাঁও কলেজটো শিক্ষাৰ্থীৰ ভীষণ ব্যস্ততা। ফ্ৰেচাৰ্চ শেষ, এতিয়া সময় পৰীক্ষাৰ। কলেজীয়া জীৱনৰ প্ৰথমটো পৰীক্ষা, নগাওঁ কলেজৰ প্ৰথমটো পৰীক্ষা। গতিকে সকলো ব্যস্ত পঢ়াত। কলেজত ছাত্ৰ ছাত্ৰীৰ পৰিমাণ কমিছে, সকলো ঘৰত পঢ়াত ব্যস্ত। কলেজৰ কেম্পাচটো প্ৰায় উদং হৈ আছে। প্ৰায়খিনি লৰা ছোৱালী লাইব্ৰেৰীতেই আছে। কি জুনিয়ৰ কি চিনিয়ৰ, পৰীক্ষা বুলিলে ভয়টো সকলোৰে লাগে ন। ইয়াৰ মাজত কিন্তু নতুনকৈ অহাখিনিৰ ভয়টো অলপ বেছিয়েই, কাৰণ কেনেকুৱা প্ৰশ্ন আহে বা, নতুবা কেনেকুৱা ধৰণে পৰীক্ষা পাতে, ইয়াকে লৈ মনত অযুত প্ৰশ্ন।  এটা কথা কিন্তু সঁচা, এই পৰীক্ষা বস্তুটোৱে ল'ৰা ছোৱালীৰ মাজত বন্ধুত্ব মজবুত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিশেষকৈ ন'টছ বিচাৰি মেছেজ বা ফোন কৰাটোৱেই এই ক্ষেত্ৰত আটাইতকৈ অধিক অৰিহণা যোগাই।  ৰাগিনীহঁতৰো কলেজ প্ৰায় ক্ষতিয়েই হৈছে, কাৰণটো হৈছে ঘৰত পঢ়া। কলেজত যিহেতু পৰীক্ষা বুলি ল'ৰা ছোৱালী অহাটো প্ৰায় কমিছেই, গতিকে ক্লাছবোৰো ভালদৰে হোৱা নাই, তাতে সিঁহতৰ পঢ়াও হোৱা নাই, গতিকে কলেজ নগৈ ঘৰতে ভালদৰে প...

বৃন্দাবনৰ দেশত

১৭ "দাদা, কি ক'লে ডাক্তৰে" "মা এতিয়া বিপদমুক্ত, আজি ডাক্তৰে নিজৰ পৰ্যবেক্ষণত ৰাখি কালিলৈ ৰিলিজ দিম বুলি কৈছে" দেউতাকে স্বস্তিৰ নিঃশ্বাস এৰি ক'লে। ইমান আৰামদায়ক হব পাৰে নে কিছুমান খবৰ? বুকুত থকা বেদনাৰ কঠোৰ বৰফটুকুৰা গলাই দিব পৰাকৈ তপত এই খবৰটো, বিপাশাৰ ভাষাত "হ'ট নিউজ" এইটো। দেউতাকে দিয়া খবৰটো শুনি ৰাগিনী চকীখনত বহি পৰিল, আকৌ তাইৰ চকুয়েদি চকুলো সৰিল। এৰা অত্যাধিক দুখ আৰু অত্যাধিক সুখ মানুহৰ চকুলোৰেই জানিব পাৰি। ৰাগিনীৰ আনন্দৰ নদীখনৰ পাৰ ভাঙি পৰিছিল সেইমূহুৰ্তত। ৰাগিনীৰ আইতাকে তাইক এৰি থৈ নাযায়, ইয়াতকৈ ভাল লগা আৰু কি হব পাৰে।  ৰাগিনীৰ ফোনটো বাজি উঠিল, বিপাশাই কৰিছে। বেছেৰী চাগৈ চিন্তাতে আছে। ৰাগিনীয়ে ফোনটো উঠালে  "হেল্ল ৰাগিনী কি কৰিছ, আইতাৰ অৱস্থা কেনেকুৱা, মই যে এখন টমটম নাপালোঁ জাননে তালৈ যাবলৈ। তই ঠিকে আছতো" বিপাশায়ে একেলেথাৰিয়ে কৈ গৈছে কথাবোৰ।  "উস্ ৰাম, তই প্ৰথমে উশাহটো সলাই ল আৰু মোক ক'বলৈ দে। আইতা বৰ্তমান সুস্থ, আজি ডাক্তৰে ইয়াতে ৰাখিব দিছে। কালিলৈ লৈ যাব পাৰিম ঘৰলৈ"  "থেংক গড, দেখিলি, ভগৱান আছেটো, তইহে...

বৃন্দাবনৰ দেশত

১৬ সময়ৰ পাকচক্ৰ, কি আচৰিত বস্তু এইটো। কেতিয়াবা সময়ে এনে কিছুমান পৰিস্থিতিৰ নিৰ্মাণ কৰে যে সেই চক্ৰবাদত মানুহে দিকবিদিক হেৰুৱাই পেলাই, শেষ হৈ যায় সকলোবোৰ। প্ৰকৃতিৰ চক্ৰবাদেটো কেৱল মাত্ৰ বাহ্যিক আঘাত কৰে, কিন্তু পৰিস্থিতিয়ে সৃষ্টি কৰা চক্ৰবাদে মানুহৰ মনোজগতখনত আঘাত কৰে, নষ্ট হৈ যায় জীৱনৰ সুখ শান্তিৰ ঘৰখন, উৰি যায় শান্তি, সুখবোৰ।  মাকে ফোনত কোৱা কথাষাৰে ৰাগিনীৰ সৰ্বশৰীৰ কপাঁই তুলিলে, ভৰিকেইখন গধূৰ হৈ পৰিল, মূহুৰ্ততে যেন তাইৰ ওজন বহুগুণে বৃদ্ধি হল তেনেযেন অনুভৱ কৰিলে তাই। আৰু এখোজ আগুৱাই গলেই যেন পৰি যাব তাই এনেকুৱা লাগিল। চকুৰ সন্মুখত কুঁৱলী পৰাৰ দৰে ধুৱলি কুঁৱলি পৰিবেশ, মাথাটো ঘূৰাই যোৱাযেন লাগিল তাইৰ।  আইতা, কি হয় এইটো, এটা শব্দ। নহয়, এইটো এটা শব্দ নহয়, আৱেগ, ভালপোৱা, মৰম, শৈশৱ, শাসন সকলোবোৰ যেন এই এটা শব্দৰ মাজতেই লুকাই আছে। সকলো ল'ৰা ছোৱালীৰ বাবেই ককাক আইতাক হৈছে এক বিশেষ স্থান, যাক কোনেও অধিকাৰ কৰিব নোৱাৰে, কোনেও নোৱাৰে।  ৰাগিনী উভতি গল নিজৰ অতীতলৈ। সেই মৰমিয়াল, মুখত বয়সৰ আচ পৰা, তামোলৰ ৰঙেৰে ৰঙা হৈ থকা, নিজৰ সুৰক্ষাৰ দুৰ্গটোৰ ওচৰলৈ। আইতাকলৈ মনত পৰোতে সাগৰৰ পান...

বৃন্দাবনৰ দেশত

১৫ "কাইলৈ বহুত মজা লাগিব ন, মইজে দীপান্বিতা বাৰ গান শুনি ইমান ভাল পাওঁ" ৰাগিনীয়ে আড্ডাৰ মাজতে ক'লে। "অ ন, বহুত ভাল লাগিব" বিপাশাই ক'লে। কাইলৈ কলেজত ফ্ৰেচাৰ্চৰ দ্বিতীয়টো দিন। প্ৰত্যেক বছৰৰ দৰেই এইবছৰো সাংস্কৃতিক অনুষ্ঠান পাতিছে। সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হিচাপে আমন্ত্ৰণ কৰিছে অসমৰ বৰ্তমান সময়ৰ অতি জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা ডেকাক। গতিকে এইটো অনুষ্ঠান এৰিব নোৱাৰি। কালিলৈ বিপাশা ৰাগিনীহঁতৰ লগতে ফ্ৰেচাৰ্চলৈ যাব। গতিকে তাই আজি ৰাগিনীহঁতৰ লগত পিজিতে থাকিল। এতিয়া তাকে ভাত পানী খাই গোটেইকেইজনীয়ে বিছনাতে বহি আড্ডা মাৰিছে। এনেও ভাত খাই উঠি ৰাগিনী, কৰিশ্মা আৰু ৰূপাৰ সদাই আড্ডা মৰা হয়েই, কিন্তু আজি যিহেতু বিপাশা আছে, গতিকে আজিৰ এই আড্ডাটো অলপ বিশেষ। এনেও বিপাশা কথা পতাত পাকৈত, গতিকে আজি তাইক কোনে পায়।  "বাকী কছোন কৰিশ্মা, মৌচমৰ খবৰ কি?" বিপাশাই কাষতে বহি থকা কৰিশ্মাক ঢকা এটা মাৰি সুধিলে। বেছেৰী কৰিশ্মাই পানী খাই আছিল। বিপাশাৰ কথাত তাইৰ নাকে মুখে পানী সুমাই চৰচৰণী খালে।  "কোন মৌচম" কৰিশ্মাই গলখেকাহি মাৰি মাৰি সুধিলে। "ইছ থ অ একে, আ...

বৃন্দাবনৰ দেশত

১৪ "ৰাগি ঐ ৰাগি" বিপাশাই দৌৰি যোৱা ৰাগিনীক পিছফালৰ পৰা চিঞৰি উঠিল। ৰাগিনী একে দৌৰে আহি মুখ ধোৱা বেচিনটোৰ ওচৰ পালেগৈ। "কি হৈছে তোৰ ৰাগিনী, কিয় দৌৰি গুচি আহিলি এনেকৈ" বিপাশাই ৰাগিনীৰ তিতি থকা চুলিখিনি সামৰি দিলে। "তইটো জানয়েই সকলোবোৰ বিপাশা, অন্ততঃ তই এইটো প্ৰশ্ন নকৰিবি মোক " ৰাগিনীৰ চকুয়েদি সাগৰৰ পানীৰ দৰে লুণীয়া দুটোপাল অশ্ৰু নিগৰি আহিল। বিপাশায়ো আৰু ৰৈ থাকিব নোৱাৰিলে। তাই ৰাগিনীক জোৰেৰে সাৱটি ধৰিলে। বিপাশাৰ আজিও মনত আছে সেই দিনটো যিদিনা ৰাগিনীয়ে তাইলৈ ফোন কৰি সেই ভাললগা খবৰটো দিছিল  "ঐ বিপাশা, দিগন্তই মোক প্ৰপ'ছ কৰিলে আজি" ৰাগিনীয়ে কলেজৰ পৰা গৈয়েই বিপাশালৈ ফোন কৰি কথাটো ক'লে তাইক। "কি কোৱা, অয়ে হয়ে পাৰ্টি পাৰ্টি, পিছে কি হৈছিল কছোন ভালকৈ" বিপাশাই ৰাগিনীক সুধিছিল। ৰাগিনীয়ে কৈ গৈছিল বিপাশাক সকলোবোৰ কথা। কেনেকৈ দিগন্তই তাইলৈ আগ বঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ, কেনেকৈ ৰাগিনীলৈ কঢ়িয়াই আনিছিল ভাল লগা। সেইদিনা বিপাশাৰো মন আনন্দত আত্মহাৰা হৈ পৰিছিল। নিজৰ প্ৰিয় বান্ধৱী প্ৰেমৰ সম্পৰ্কত, ভাল নলগাৰ প্ৰশ্নই আহি নপৰে। কিন্তু হঠাৎ সকলোবোৰ কি হৈ ...

বৃন্দাবনৰ দেশত

১৩ সময়ৰ বিশেষত্ব এয়েই যে ই সকলো বস্তু নিজৰ লগত সামৰি লয়, সকলোবোৰ। প্ৰয়োজন মাথোঁ নিজৰ মনটো শক্তিশালী কৰা, নিজৰ মনটোক বুজি পোৱা আৰু নিজৰ মনটোক বুজোৱা যে সকলোবোৰ ঠিক হৈ যাব। সময়ৰ আঘাতৰ বাবে সৃষ্টি হোৱা গাতবোৰ সময়ৰ ধূলিয়েই পুতি পেলাই। অ, কেতিয়াবা কিছুমান দাগ ৰৈ যায়, কিন্তু বিষবোৰ নাইকীয়া হৈ যায়।  ৰাগিনীয়েও পাহৰিব চেষ্টা কৰিলে সকলোবোৰ। নিজক বুজালে তাই যে অনুৰাগ কেৱল মাত্ৰ তাইৰ বন্ধু আছিল। তাই নিজকে আকৌ মাক দেউতাকৰ ষ্ট্ৰং গাৰ্ল জনী কৰি ল'লে। কিন্তু এই সকলোবোৰৰ পৰা সম্পূৰ্ণ অজ্ঞাত আছিল অনুৰাগ। ৰাতি ভাত খাই উঠি ৰাগিনীয়ে মাকৰ লগত অলপ কথা পাতিলে। কালিলৈ যিহেতু ফ্ৰেচাৰ্চ, গতিকে তাই সোনকালেই শুই পৰিল। মোবাইলত এলাগী হৈ পৰি থাকিল অনুৰাগৰ মেছেজটো  "Oii vat khala" আজি কলেজত ফ্ৰেচাৰ্চ, গতিকে কাৰো গাত টট্ নাইকীয়া হৈ আছে। কালিয়েই ৰাগিনী বিপাশা মানসীকে আদি কৰি আটাইকেইজনীয়ে ৰাতিপুৱা অলপ সোনকালে কলেজ যোৱাটো থিৰাং কৰি থৈছে, নহলে বহিবলৈ ঠাই নাপাব। কাৰণ ক্লাছ কৰিবলৈ ল'ছালি আহক বা নাহক, কিন্তু ফ্ৰেচাৰ্চ কোনেও মিছ কৰিব নিবিচাৰে। কলেজৰ সকলো ষ্টুডেণ্ট আহি সেইদিনা উবুৰি খাই পৰেহি। সেইবাব...